পাঁচনিৰ কৰ্ম্ম ৩:১-২৬

  • পিতৰে খোজকাঢ়িব নোৱাৰা ভিক্ষাৰীক সুস্থ কৰে (১-১০)

  • চলোমনৰ স্তম্ভ থকা বাৰান্দাৰ ওচৰত পিতৰৰ ভাষণ (১১-২৬)

    • ‘সকলোবোৰ আগৰ দৰে কৰা হʼব’ (২১)

    • মোচিৰ দৰে ভৱিষ্যবক্তা (২২)

৩  পিতৰ আৰু যোহনে প্ৰায় ন ঘণ্টাত* প্ৰাৰ্থনা কৰাৰ সময়ত মন্দিৰলৈ গৈছিল। ২  সেই সময়ত লোকসকলে এনে এজন মানুহক লৈ আহিছিল, যিজন জন্মৰে পৰা খোজকাঢ়িব নোৱাৰিছিল। তেওঁলোকে সদায় সেই মানুহজনক মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰ মুখত বহুৱাই দিছিল যাতে তেওঁ মন্দিৰলৈ যোৱা লোকসকলক ভিক্ষা* খুজিব পাৰে। ৩  যেতিয়া তেওঁ পিতৰ আৰু যোহনক মন্দিৰৰ ভিতৰলৈ যোৱা দেখিলে, তেতিয়া তেওঁ তেওঁলোকক ভিক্ষা খুজিবলৈ ধৰিলে। ৪  তেতিয়া পিতৰ আৰু যোহনে চিধাকৈ তেওঁলৈ চালে আৰু কʼলে, “আমাৰ ফালে চোৱা।” ৫  সেইবাবে, তেওঁ তেওঁলোকৰ পৰা কিবা পোৱাৰ আশাৰে তেওঁলোকৰ ফালে চাবলৈ ধৰিলে। ৬  কিন্তু পিতৰে কʼলে, “সোণ-ৰূপতো মোৰ ওচৰত নাই, কিন্তু মোৰ ওচৰত যি আছে, সেয়াই তোমাক দি আছোঁ। নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে মই তোমাক কৈছোঁ, থিয় হোৱা আৰু খোজকাঢ়ি ফুৰা।” ৭  পিতৰে তেওঁৰ সোঁ হাতখনত ধৰি তেওঁক উঠালে। সেই সময়তে সেই মানুহজনৰ ভৰি মজবুত হʼল। ৮  আৰু তেওঁ জপিয়াই থিয় হʼল আৰু খোজকাঢ়িবলৈ ধৰিলে। তেওঁ জপিয়াই জপিয়াই খোজকাঢ়ি ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁলোকৰ লগত মন্দিৰলৈ গʼল। ৯  সকলোৱে তেওঁক খোজকাঢ়ি ফুৰা আৰু ঈশ্বৰৰ প্ৰশংসা কৰি থকা দেখিলে। ১০  মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰ মুখত বহি ভিক্ষা খুজি থকা মানুহজন সেইজনেই হয় বুলি তেওঁলোকে চিনি পালে। তেওঁ খোজকাঢ়ি ফুৰা দেখি লোকসকল আচৰিত হʼল আৰু তেওঁলোক বহুত আনন্দিত হʼল। ১১  যেতিয়া সেই মানুহজনে পিতৰ আৰু যোহনৰ হাতত ধৰি আছিল, তেতিয়া সকলোৱে দৌৰি দৌৰি সেই ঠাইলৈ আহিলে, ‘যাক চলোমনৰ স্তম্ভ থকা বাৰান্দা’ বুলি কোৱা হয়। এই ঘটনা দেখি লোকসকলে বৰ আচৰিত হৈছিল। ১২  লোকসকলক দেখি পিতৰে তেওঁলোকক কʼলে, “ইস্ৰায়েলৰ লোকসকল তোমালোকে এয়া দেখি কিয় ইমান আচৰিত হৈছা? তোমালোকে আমাক এইদৰে কিয় চাইছা যেন আমি নিজৰ শক্তিৰে বা ঈশ্বৰৰ ভক্তিৰে ইয়াক খোজ কঢ়ালোঁ? ১৩  অব্ৰাহাম, ইচহাক, যাকোব আৰু আমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰে নিজৰ সেৱক যীচুৰ মহিমা কৰিলে, যিজনক তোমালোকে শত্ৰুবিলাকৰ হাতত গতাই দিছিলা। যদিও পীলাতে তেওঁক এৰি দিব বিচাৰিছিল, কিন্তু তোমালোকে পীলাতৰ আগত তেওঁক অস্বীকাৰ কৰিলা। ১৪  হয়, তোমালোকে সেই পবিত্ৰ আৰু ভাল ব্যক্তিজনক অস্বীকাৰ কৰি তেওঁৰ সলনি এজন হত্যাকাৰীক মুকলি কৰিবলৈ কʼলা। ১৫  আনকি, জীৱন দিবলৈ নিযুক্ত কৰা মুখ্য অধিকাৰীক তোমালোকে হত্যা কৰিলা। কিন্তু ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু এই সত্যতাৰ আমি সাক্ষী হওঁ। ১৬  আমি তেওঁৰ নামৰ ওপৰত বিশ্বাস কৰোঁ আৰু তেওঁৰ নামৰ কাৰণেহে এই মানুহজন ঠিক হʼল, যিজনক তোমালোকে দেখি আছা আৰু চিনিও পোৱা। যীচুৰ ওপৰত আমি বিশ্বাস কৰাৰ কাৰণেহে এই মানুহজনক তোমালোকৰ আগত সম্পূৰ্ণভাৱে সুস্থ কৰা হʼল। ১৭  ভাইসকল, মই জানোঁ যে তোমালোকে যি কৰিলা, অজানিতে কৰিলা, যিদৰে তোমালোকৰ ধৰ্ম-অধিকাৰীয়ে কৰিলে। ১৮  কিন্তু এইদৰে ঈশ্বৰে, সেই কথাবোৰ পূৰ কৰিলে, যিবোৰ তেওঁ সকলো ভৱিষ্যবক্তাৰ যোগেদি বহুত আগতেই কৈছিল যে তেওঁৰ খ্ৰীষ্টই দুখ ভোগ কৰিব। ১৯  সেইবাবে, অনুতাপ কৰা আৰু ঈশ্বৰৰ ওচৰলৈ উভতি আহা যাতে তোমালোকৰ পাপ মচি দিয়া হয় আৰু এইদৰে যিহোৱাই* শান্তিৰ দিন লৈ আহিব। ২০  আৰু তোমালোকৰ কাৰণে নিযুক্ত কৰা খ্ৰীষ্টক অৰ্থাৎ যীচুক পঠাব। ২১  যেতিয়ালৈকে সকলোবোৰ আগৰ দৰে কৰা নহয়, তেতিয়ালৈকে তেওঁক স্বৰ্গতেই থাকিব লাগিব, যাৰ বিষয়ে ঈশ্বৰে পুৰণি সময়ত নিজৰ পবিত্ৰ ভৱিষ্যবক্তাসকলৰ যোগেদি কৈছিল। ২২  আচলতে মোচিয়ে কৈছিল, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই* তোমালোকৰ ভাইসকলৰ মাজৰ পৰা তোমালোকৰ কাৰণে মোৰ দৰে এজন ভৱিষ্যবক্তাক নিযুক্ত কৰিব। তেওঁ তোমালোকক যি যি কʼব, সেই সকলো তোমালোকে শুনিবা। ২৩  যি কোনোৱে সেই ভৱিষ্যবক্তাৰ কথা নুশুনিব, তেওঁক লোকসকলৰ মাজৰ পৰা নাইকিয়া কৰা হʼব।’ ২৪  সকলো ভৱিষ্যবক্তাই অৰ্থাৎ চমূৱেলৰ পৰা লৈ যিমান ভৱিষ্যবক্তা আছিল, সেই সকলোৱে এই দিনবোৰৰ বিষয়ে স্পষ্টকৈ ঘোষণা কৰিছিল। ২৫  তোমালোক ভৱিষ্যবক্তাসকলৰ বংশ আৰু সেই চুক্তিৰ উত্তৰাধিকাৰী হোৱা যি ঈশ্বৰে তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত কৰিছিল। ঈশ্বৰে অব্ৰাহামক কৈছিল, ‘তোমাৰ বংশৰ যোগেদি পৃথিৱীৰ সকলো পৰিয়ালে আশীৰ্বাদ পাব।’ ২৬  তেওঁ নিজৰ সেৱকক নিযুক্ত কৰি প্ৰথমতে তোমালোকৰ ওচৰলৈ পঠিয়ালে যাতে তেওঁ তোমালোকৰ মাজৰ প্ৰতিজনকে দুষ্ট কাম এৰিবলৈ সহায় কৰে আৰু আশীৰ্বাদ দিয়ে।”

Footnotes

অৰ্থাৎ আবেলি প্ৰায় তিনি বজাত।
আক্ষ., “দয়াৰ দান।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।