কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ১১:১-৩৪

১১  মোৰ উদাহৰণত চলা, যিদৰে মই খ্ৰীষ্টৰ উদাহৰণত চলোঁ। ২  মই তোমালোকক প্ৰশংসা কৰোঁ, কিয়নো তোমালোকে সকলো বিষয়ত মোক মনত পেলোৱা আৰু মই তোমালোকক যি যি শিক্ষা দিছিলোঁ, সেইবোৰ তোমালোকে দৃঢ়তাৰে পালন কৰি আছা। ৩  কিন্তু প্ৰতিজন পুৰুষৰ মূৰ হৈছে খ্ৰীষ্ট, তিৰোতাৰ মূৰ হৈছে পুৰুষ আৰু খ্ৰীষ্টৰ মূৰ হৈছে ঈশ্বৰ, ইয়াক তোমালোকে জনাটো মই বিচাৰোঁ। ৪  যদি কোনো পুৰুষে নিজৰ মূৰ ঢাকি প্ৰাৰ্থনা বা ভৱিষ্যবাণী কৰে, তেনেহʼলে তেওঁ নিজৰ মূৰৰ অপমান কৰে। ৫  কিন্তু যদি কোনো তিৰোতাই মূৰ নঢকাকৈ প্ৰাৰ্থনা বা ভৱিষ্যবাণী কৰে, তেনেহʼলে তেওঁ নিজৰ মূৰৰ অপমান কৰে, কিয়নো তেওঁ মূৰ খুৰুৱা তিৰোতাৰ নিচিনা হয়। ৬  কাৰণ যদি এগৰাকী তিৰোতাই নিজৰ মূৰ নাঢাকে, তেনেহʼলে তেওঁ নিজৰ চুলি চুটিকৈ কটা উচিত। কিন্তু যদি এগৰাকী তিৰোতাই চুলি কাটিলে বা মূৰ খুৰালে লাজৰ কথা হয়, তেনেহʼলে তেওঁ নিজৰ মূৰ ঢকা উচিত। ৭  এজন পুৰুষে নিজৰ মূৰ ঢাকিব নালাগে, কিয়নো তেওঁ ঈশ্বৰৰ প্ৰতিৰূপ হয় আৰু তেওঁৰ মহিমা হয়। কিন্তু তিৰোতা পুৰুষৰ মহিমা হয়। ৮  কাৰণ ঈশ্বৰে পুৰুষক তিৰোতাৰ শৰীৰৰ পৰা সৃষ্টি কৰা নাই, কিন্তু তিৰোতাক পুৰুষৰ শৰীৰৰ পৰা সৃষ্টি কৰিছে। ৯  লগতে পুৰুষক তিৰোতাৰ কাৰণে নহয়, কিন্তু তিৰোতাক পুৰুষৰ কাৰণে সৃষ্টি কৰা হৈছিল। ১০  সেইবাবে, স্বৰ্গদূতবিলাকৰ কাৰণে এগৰাকী তিৰোতাই নিজৰ মূৰত অধীনতাৰ চিন ৰখা উচিত। ১১  তথাপিও, প্ৰভুৰ ব্যৱস্থাত পুৰুষৰ অবিহনে তিৰোতা অস্তিত্বত থাকিব নোৱাৰে আৰু তিৰোতাৰ অবিহনে পুৰুষ অস্তিত্বত থাকিব নোৱাৰে। ১২  কাৰণ যিদৰে তিৰোতাক পুৰুষৰ পৰা সৃষ্টি কৰা হৈছে, ঠিক সেইদৰে তিৰোতাৰ পৰা পুৰুষৰ জন্ম হয়। কিন্তু সকলো ঈশ্বৰেই সৃষ্টি কৰিছে। ১৩  তোমালোকে নিজেই নিৰ্ণয় লোৱা: এগৰাকী তিৰোতাই মূৰ নঢকাকৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো উচিত হʼব নে? ১৪  এয়া স্বাভাৱিক নহয় নে যদি এজন পুৰুষে চুলি দীঘলকৈ থয়, তেনেহʼলে এয়া তেওঁৰ বাবে অপমানজনক কথা হয়? ১৫  কিন্তু এগৰাকী তিৰোতাৰ চুলি যদি দীঘল আছে, তেনেহʼলে এয়া তেওঁৰ কাৰণে সন্মানৰ বিষয়। কিয়নো সেই দীঘল চুলি তেওঁক ওৰণিৰ পৰিৱৰ্তে দিয়া হৈছে। ১৬  কিন্তু যদি কোনোৱে আনৰ ৰীতিক লৈ তৰ্ক কৰিব বিচাৰে, তেনেহʼলে তেওঁ এয়া জানি লওক যে আমাৰ মাজত আৰু ঈশ্বৰৰ মণ্ডলীৰ মাজত আন কোনো ৰীতি নাই। ১৭  কিন্তু এই নিৰ্দেশনা দিয়াৰ সময়ত মই তোমালোকক প্ৰশংসা নকৰোঁ, কিয়নো যেতিয়া তোমালোকে একগোট হোৱা, তেতিয়া ভাল হোৱাৰ পৰিৱৰ্তে বেছি বেয়াহে হয়। ১৮  প্ৰথমতে মই শুনিবলৈ পাইছোঁ যে যেতিয়া তোমালোকে মণ্ডলীত একগোট হোৱা, তেতিয়া তোমালোকৰ মাজত বিভেদ সৃষ্টি হয় আৰু কিছু পৰিমাণে মই এই কথাৰ ওপৰত বিশ্বাসো কৰিছোঁ। ১৯  কাৰণ তোমালোকৰ মাজত মতভেদ নিশ্চয় হʼব আৰু এয়া প্ৰকাশ হʼব যে কাৰ ওপৰত ঈশ্বৰৰ অনুমোদন আছে। ২০  যেতিয়া তোমালোকে প্ৰভুৰ সন্ধ্যা ভোজৰ কাৰণে একগোট হোৱা, তেতিয়া আচলতে তোমালোকে ভোজ খাবলৈ একগোট নোহোৱা। ২১  কাৰণ তোমালোকৰ মাজৰ কিছুমানে ৰাতিৰ আহাৰ আগতেই খাই লোৱা। সেইবাবে, প্ৰভুৰ সন্ধ্যা ভোজৰ সময়ত তোমালোকৰ মাজত কোনোবাই ভোকত থাকে নাইবা কোনোবাই মতলীয়া হৈ থাকে। ২২  খোৱা-বোৱা কৰিবলৈ তোমালোকৰ ঘৰ নাই নে? বা তোমালোকে ঈশ্বৰৰ মণ্ডলীক তুচ্ছ বুলি ভাবিছা নে? আৰু যিসকলৰ ওচৰত একো নাই, তেওঁলোকক লাজত পেলাইছা নে? মই তোমালোকক কি কʼম? মই তোমালোকক প্ৰশংসা কৰিম নে? মই এই কথাত তোমালোকৰ প্ৰশংসা নকৰোঁ। ২৩  যি কথা প্ৰভুৱে মোক কৈছিল, সেয়াই মই তোমালোকক শিকাইছিলোঁ যে যি ৰাতি প্ৰভু যীচুৰ লগত বিশ্বাসঘাত কৰি তেওঁক ধৰাই দিবলগীয়া আছিল, সেই ৰাতি তেওঁ এখন ৰুটি লʼলে ২৪  আৰু প্ৰাৰ্থনাত ধন্যবাদ দিয়াৰ পাছত সেয়া ভাঙিলে আৰু কʼলে, “ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে, যি তোমালোকৰ কাৰণে দিয়া হʼব। মোক সুঁৱৰিবলৈ এইদৰেই কৰি থাকিবা।” ২৫  নিস্তাৰ পৰ্বৰ ভোজ খোৱাৰ পাছত তেওঁ এটা পাত্ৰ লৈয়ো এইদৰেই কৰিলে আৰু কʼলে, “এই পাত্ৰই ঈশ্বৰৰ লগত কৰা সেই নতুন চুক্তিক চিত্ৰিত কৰে, যাক মোৰ তেজেৰে নিশ্চিত কৰা হʼব। যেতিয়া তোমালোকে এই পাত্ৰৰ পৰা খাবা, তেতিয়া মোক সুঁৱৰিবলৈ এইদৰেই কৰি থাকিবা।” ২৬  যেতিয়া তোমালোকে এই ৰুটি খোৱা আৰু এই পাত্ৰৰ পৰা খোৱা, তেতিয়া তোমালোকে তেওঁৰ মৃত্যুৰ ঘোষণা কৰা আৰু এইদৰে তোমালোকে প্ৰভু অহালৈকে কৰি থাকা। ২৭  সেইবাবে, যি কোনোৱে অযোগ্য অৱস্থাত ৰুটি খায় আৰু প্ৰভুৰ পাত্ৰৰ পৰা খায়, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ বিৰুদ্ধে পাপ কৰে। ২৮  ৰুটি খোৱাৰ আৰু পাত্ৰৰ পৰা খোৱাৰ আগেয়ে এজন ব্যক্তিয়ে প্ৰথমে নিজকে চালি-জাৰি চাওক যে তেওঁ সেইবোৰ খোৱাৰ যোগ্য হয় নে নহয়, তাৰ পাছতহে তেওঁ সেইবোৰ খাব পাৰে। ২৯  কাৰণ যিজনে প্ৰভুৰ শৰীৰৰ অৰ্থ কি, সেয়া নুবুজাকৈ খায়, তেওঁ নিজকে দোষী কৰে। ৩০  সেইবাবে, তোমালোকৰ মাজৰ বহুতো লোক দুৰ্বল আৰু অসুস্থ আৰু বহুতো লোক মৃত্যুৰ টোপনিত আছে।* ৩১  কিন্তু আমি যদি নিজকে চালি-জাৰি চাওঁ যে আমি কেনে ব্যক্তি, তেনেহʼলে আমাক দোষী কৰা নহʼব। ৩২  আৰু যেতিয়া আমি দোষী হওঁ, তেতিয়া যিহোৱাই* আমাক শুধৰণি কৰে যাতে আমি জগতৰ লগত শাস্তি নাপাওঁ। ৩৩  সেইবাবে মোৰ ভাইসকল, যেতিয়া তোমালোকে এয়া খাবলৈ একগোট হোৱা, তেতিয়া এজনে-আনজনৰ অপেক্ষা কৰা। ৩৪  যদি কোনোবাই ভোকত আছে, তেনেহʼলে তেওঁ ঘৰত খোৱা-বোৱা কৰক যাতে তোমালোকে একগোট হোৱাটো শাস্তিৰ কাৰণ নহয়। বাকী বিষয়বোৰ যেতিয়া মই তালৈ আহিম, তেতিয়া শুধৰণি কৰিম।

Footnotes

ইয়াত আক্ষৰিক মৃত্যুৰ বিষয়ে কোৱা নাই, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ লগত থকা তেওঁলোকৰ সম্পৰ্ক নাইকিয়া হোৱাটো বুজাইছে।
অতি. ক৫ চাওক।